পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৭২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

61 সটীক নামঘোষা [ ভগৱানৰ গাতহে এইবোৰ দোষ নাই বা এইবোৰে তেওঁক ঋড়িব নোৱাৰে; তেনে নিৰ্মল ভগৱানক মই সেৱা কৰে। ] { ১৯৪ ] জয় যদুপতি গোপাল গোবিন্দ যাদৱ মাধৱ ৰাম। ভকতৰ ধন জীৱৰ জীৱন কৰোহে পাৱে প্ৰণাম। হে বিঘ্ননাশন যদুপতি গোপাল গোবিন্দ যাদৱ মাধৰ ৰাম, হে ভক্তৰ হৃদয় ধন জীৱৰ জীৱন স্বৰূপ প্ৰভু, মই তোমাৰ পাৱক্ত প্ৰণাম কৰে। [ ১৯৫ ] নমো নিত্যানন্দ জগত কাৰণ বাসুদেব ভগৱন্ত। কাম অনিৰুদ্ধ পুৰুষ প্ৰভু অনন্ত। কাম-ইচ্ছা। অনিৰুদ্ধ-অনিবাৰিত, বাধা দি ৰাখিব নোৱাৰা। কাম অনিৰুদ্ধ-অনিৰুদ্ধ কাম, ভক্তৰ মনস্কামনা পূৰণত অসীম ক্ষমতাশীল। হে প্ৰভু, তুমি সদানন্দ, জগত তোমাৰ পৰাই হৈছে; তুমি বাসুদেৱ আৰু ভগৱন্ত। তুমি সদায় আছা। তুমি শুদ্ধ। সংসাৰৰ নিত্য শুদ্ধ বুদ্ধ