পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১৬০
সটীক নামঘোষা

 পৰমেশ্বৰ চৈতন্য স্বৰূপে গোটেই জগতকে ৰমণ কৰি আছে অৰ্থাৎ সমস্ত বিশ্বত তেওঁ চৈতন্য স্বৰূপে লীন হৈ আছে। এই কাৰণে ‘ৰাম’ এই সুমধুৰ পদে ঈশ্বৰক বুজায়।

[ ১৮২ ]

হৰি পদে সেৱা নকৰে নিমিত্তে
 মায়ায়ে বান্ধি ফুৰাৱে।
তাৱত মায়াক নকৰে ৰহিত
 শৰণ নলৱে যাৱে॥

 পৰমেশ্বৰক সেৱা বা ভক্তি নকৰাৰ বাবে জীৱক মায়াই আৱদ্ধ কৰি ৰাখে অৰ্থাৎ পৰমেশ্বৰক ভক্তি নকৰিলে জীৱ মায়াত আৱদ্ধ হৈ পুনঃ পুনঃ জন্মি সংসাৰত নানাৰূপ নিকাৰ ভুঞ্জিব লাগে। এই নিমিত্তে যেতিয়ালৈকে জীৱে একান্তমনে পৰমেশ্বৰত আশ্ৰয় নলয়, তেতিয়ালৈ জীৱ মায়াৰ হাত সাৰিব নোৱাৰে। ভগৱানত একান্তমনে আশ্ৰয় ললেহে জীৰ লাহে লাহে বিষয় বাসনাৰপৰা মুক্ত হয় বা জীৱৰ গতি হয়। নমো নৰক সন্ত্ৰাসৰক্ষামগুলকাৰিণে। সংসাৰ নিম্নগাওঁতৰি কাষ্ঠায় বিষ্ণৱে।