পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৯
সটীক নামঘোষা

এতেকেসে ৰাম পদে পম ব্ৰহ্ম
 ৰূপক বুলি নিশ্চয়॥

 

 আত্মা সদানন্দ বা আনন্দময়; সি চৈতন্য আৰু অনন্ত। যোগীসকলে পাঞ্চভৌতিক দেহক কাশীক্ষেত্ৰ, জ্ঞানক ত্ৰিভুবন ব্যাপিনী গঙ্গা আৰু ভক্তি শ্ৰদ্ধাক গঙ্গা তীৰ্থ বুলি নাম দিয়ে। আৰু গুৰুৰ চৰণ ধ্যানযুক্ত স্থান অৰ্থাৎ ইড়া, পিঙ্গলা আৰু সুষুম্না তিনি নাড়ীৰ সক্ষমৰূপ মৃল স্থান বা ব্ৰহ্মস্থানক, গঙ্গা, যমুনা আৰু সৰস্বতীৰ সমৰূপ প্ৰয়াগ তীৰ্থ বোলে; জীৱাত্মা স্বৰূপ চৈতন্যই বিশ্বেশ্বৰ। এইদৰে ভাবি যোগীসকলে কোনো কৰ্ম্ম বা তীৰ্থ পৰ্য্যটন আদি নকৰি এঠাইতে বহি বাহিৰা চিন্তা এৰি জীৱাত্মক পৰমাত্মাৰ লগত মিলাই অপাৰ আনন্দ লাভ কৰে। ইয়াকেই যোগীয়ে ৰমণ কৰা বুলি এই ঘোষাত উল্লেখ কৰিছে। যোগীসকলে চিণ্ড স্থিৰ কৰি নিজৰ হৃদয়ত সদায় ৰমণ অৰ্থাৎ জীৱাত্মাক পৰমাত্মাৰ লগত মিলন কৰে। এই কাৰণেই ‘ৰাম’ পদটো পৰম ব্ৰহ্মৰ ৰূপক অৰ্থাৎ পৰমব্ৰহ্ম যি ‘ৰাম’ পদটোও সেয়ে।

[ ১৮১]

চৈতন্য স্বৰূপে যিহেতু সদায়ে
 ৰমাৱন্ত জগতক।
এতেকেসে ৰাম সুমধুৰ পদে
 বুলি জানা ঈশ্বৰক॥