পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৮
সটীক নামঘোষা


[১৭৯ ]

জগতত কৰি আছন্ত নিবাস
 জগত তাতে ৰময়।
এতেকেসে তাঙ্ক  বুলি বাসুদেৱ
 নামৰ ইটো অন্বয়॥

ৰময়- ৰমণ কৰে।
বাসুদেৱ- [ বস ( বাস কৰা ) উণ = বাসু ( সৰ্ব্বনিবাস) সৰ্ব্বভূতৰ বাসস্থান]।
 পৰমেশ্বৰ সৰ্ব্বব্যাপী; সেই কাৰণে তেওঁ জগতত থকা আৰু জগতখন তেওঁতেই থকা হৈছে। এই কাৰণেই ভগবানক বাসুদেৱ বোলে। বাসুদেৱ নামে ঈশ্বৰ জগতত থকা আৰু জগতখন তেওঁতে থকাহে বুজাইছে।

ৰা শব্দো বিশ্ব বচনো মশ্চাপীশ্বৰ বাচকঃ।
বিশ্বনামীশ্বৰো যো হি তেন ৰামঃ প্ৰকীৰ্ত্তিতঃ৷।
ৰমতে ৰময়া সাৰ্দ্ধং তেন ৰামং যিদুব্বূধাঃ।
ৰমানাং ৰমণস্থানং ৰামঃ ৰামবিদো বিদুঃ॥

(১৮০-১৮১)

[১৮০]

সদানন্দ আত্মা (চৈতন্য অনন্তে
 যিহেতু যোগী ৰময়।