এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৭
সটীক নামঘোষা
(যি সকলোতকৈ প্ৰিয় তাকেহে মানুহে লগৰপৰা নেৰে। গৰুড় বিষ্ণুৰ অতি প্ৰিয় আৰু বাহন। সেইকাৰণে কৈছে— ঈশ্বৰে নিজৰ ভক্তৰ ভিতৰত গৰুড়ক বাহন বা ধ্বজ স্বৰূপে সদায় লগত ৰাখি তেওঁৰ প্ৰিয়তম ভক্তৰ পদত ঠাই দিয়া বাৰ তেওঁক সাধুসকলে গৰুড়কেতু কোলে।
১৭৮]
কাল মায়া আদি যাহাৰ মনক
কৰিতে নপাৰে কুণ্ঠ।
এহিসে কাৰণে ঈশ্বৰৰ মাম
প্ৰসিদ্ধ তৈল বৈকুণ্ঠ॥
কুণ্ঠ- কুণ্ঠিত, জড়, বিকৃতি, মূৰ্খ, অকৰ্ম্মণ্য, সঙ্কুচিত, ভোত।
বৈকুণ্ঠত— বি (বিগত) হৈছে কুণ্ঠা যাৰ= যিকুণ্ঠ। বিকুণ্ঠ +
বৈকুণ্ঠ, বিষ্ণুপুৰী।
পৰমেশ্বৰ অনাদি, নিৰ্গুণ আৰু নিৰাময়; তেওঁক কাল, মায়া
আদিয়ে বিকৃত কৰিব নোৱাৰে অৰ্থাৎ কোনো কালে তেওঁৰ
পৰিবৰ্ত্তন নহয়, মায়াই তেওঁক স্পৰ্শ কৰিব নোৱাৰে; এই কাৰণেই
ভগৱানৰ নাম বৈকুণ্ঠ।
সৰ্ব্বত্ৰাসৌ সমস্তঞ্চ বসত্যত্ৰেতি বৈ জগৎ।
অত্যেহসৌ বাসুদেৱেতি বিদ্বদ্ভিঃ পৰিকীৰ্ত্তিতঃ॥১৭১