পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা [ ১৭৬ ] ব্ৰহ্ম পৰমাত্মা কৰিয়া যিহেতু ঐশ্বৰ্যৰ নাহি অন্ত। এহি হেতু মহা মহন্তসকলে বোলে তা ভগৱন্ত। ঐশ্বৰ্য্য-অনিমা, লঘিমা, ব্যাপ্তি, আকাম্য, মহিমা, ঈশিত্ব, বশিত্ব, কামাবসায়িত এই আঠবিধ। তপ্তম্ভ-ভগযুক্ত জ্ঞানাদি ষড়ৈশ্বৰ্যশালী। ব্ৰহ্ম-জীবাত্মা। শুদ্ধ। ব্ৰহ্ম, পৰমাত্মা ‘আদি ঈশ্বৰৰ নামবোৰৰধাৰা বুজোৱা অনন্ত ঐশ্বৰ্য্যৰ গৰাকী হোৱাৰ কাৰণে ভক্তসকলে তেওঁক ভগৱন্ত বোলে। চৰাচৰ বিশ্ব যত বস্তু, যত শক্তি আছে, সকলোৰে গৰাকী তেওঁ; এই কাৰণেই মহা সাধুসকলে তেওঁক ভগৱন্ত বোলে। [ ১৭৭ ] নিজ ভক্তপদে গৰুড়ক ধ্বজ কৰিলা হৰি যিহেতু। সেহিদে কাৰণে মহন্তে হৰিক বোলয় গৰুড়কেতু ৪ ঋজ-পতাকা, নিচান, বাহন। কেতু-পা, চিন।