পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ ১৫৫ অগনিত একান্তমনে আশ্ৰয় কৰি তেওঁক আৰাধনা কৰিলে জীৱৰ সংসাৰ ভ্ৰম গুচে। মেঘে ঢাকা আকাশৰ পৰা মেঘ আঁতৰিলে যিদৰে সূৰ্য্য ওলাই পৰে, সেইদৰে মাতা আঁতৰিলে জীৱৰ আত্ম- দৰ্শন ঘটে। দুচোখৰ কাঠ ঘহিলে যিদৰে জুই উৎপন্ন হষ, সেই ৰে ভগৱানৰ নাম একান্তমনে জপ কৰিলে জীৱে নিজক চিনি পায়। তেতিয়া আৰু জীৱৰ ৰাগ, দ্বেষ, তোক, পিয়াহ আদি একোৰে বোৰ নাথাকে। ঈশ্বৰৰু ভাবিলে জীৱ শুদ্ধ হয়, মাৰ বান্ধোন সুলকি পৰে; ব্ৰহ্ম শব্দৰ অৰ্থ শুদ্ধ জীৱ অৰ্থাৎ মায়াৰ চেকা নথকা বা মুক্ত জীৱ; ঈশ্বৰ সকলো জীৱৰ অধিপতি, সেইকাৰণে তেওঁক পৰম- ৰ ৰেলে। [ ৪৭৫ ] অন্তামী ৰূপে জীৱ আদি কৰি নিয়ামন্ত সমস্তক। এহি হেতুতেসে পৰমাত্মা পদে বুলি জানা ঈশ্বৰক। ঈশ্বৰে অন্তৰ্য্যামীৰূপে সকলোতে থাকি জীৱ আৰু বিশ্বৰ সকলোকে চলা অৰ্থাৎ সকলোকে নিজ নিজ কৰ্মফল ভোগ এই কাৰণেই ঈশ্বৰক পৰমাত্মা বোলে। উৎপত্তি বিনাশ লোকানামগতি গতি ৰেতি বিদ্যামবিদ্যাঞ্চ স বাচ্যে ভগৱানিতি॥১৭৬