পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা [১৭৩] প্ৰকৃতি পুৰুষ দুইতো কৰি পৰ দুয়োৰে নিজ কাৰণ। পৰম ঈশ্বৰ নামক ধৰিয়া আছা তাতে নাৰায়ণ | প্ৰকৃতিজগতৰ ত্ৰিগুণাত্মক মূল কাৰণ। পুৰুষ—আত্মা। পঞ্চভূতময় দেহ বা জগতৰ সত্ব, ৰজ, তমগুণ যুক্ত জড়ক প্ৰকৃতি বোলে; এই প্ৰকৃতিৰ ওপৰত জীৱাঝাই বাস কৰে। জীৱাত্মা আৰু প্ৰকৃতি দুয়ো পৰমাত্মাৰ সৃষ্ট বস্তু বা এই দুই মূল কাৰণ অৰ্থাৎ পৰমাত্মা আছে, সেইবাবেহে এই দুটা বেলেগ নামৰ বস্তুৰ অস্তিত্ব আছে, গতিকে পৰমাত্মা বা নাৰায়ণ দুইৰে। পৰা বিভিন্ন। এই নাৰায়ণ বা পৰৰান্য প্ৰকৃতি-পুৰুষ দুয়োৰে গৰাকী হোৱা বাবেই তেওঁক পৰমেশ্বৰ বোলে। ঈশ্বৰৰ সেৱা [১৭৪] কৰন্তে জীৱৰ গুচয় মায়াৰ ভ্ৰম। ব্ৰহ্মপদে শুদ্ধ ঈশ্বৰ পৰম ব্ৰহ্ম। জীৱক বুলিয়