সমললৈ যাওক

পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা এহি হেতুকেসে গন্নাথ নাম। অছিন্ত হুয়া প্ৰখ্যাত। কৰ্ম্মই জীৱৰ মুক্তি আৰু বন্ধনৰ মুল। ঈশ্বৰত আত্মসমৰ্পণ কৰি অনাসক্তভাৱে কৰ্ম কৰিলে জীৱৰ মুক্তি ঘটে আৰু মই কওঁ। বুলি যি সকাম কৰ্ম্ম কৰে, সেই জীৱে বাসনাৰ হাত এৰাব নোৱাৰি ৰখৰ চকাৰদৰে সংসাৰত যাতায়াত কৰে। মুঠ কথা, জীৱে ইহ জন্মৰ শুভ-অশুভ কৰ্মৰ কল অনুসৰি শুভ-অশুভ ফল লাভ কৰে আৰু সেয়েই জীৰৰ সুখ-দুখৰ কাৰণ আনৰ অভাৱত জীৱে শুভ-অশুভ ফল ভোগ কৰিবলৈ শৰীৰ ধাৰণ কৰে আৰু পুনৰ কাম্য কৰ্ম্ম কৰি সংসাৰত ঘূৰে। মূৰত বান্ধা গামোছা পাহৰিলে যিদৰে গামোছাখন নথকা বোধ হয়, আৰু মনত পৰিলে থকা বোধ হয়, সেইদৰে আত্মা শৰীৰত থকাতো জ্ঞানৰ অভাৱত তাৰ অস্তিত্ব বোধ নহৈ তাৰ ঠাইত অহং ভাবে দেখা দিয়ে আৰু সেয়ে কাম্যকৰ্মৰ সৃষ্টি কৰে। এই কাম্যকৰ্ম্মই জীৱৰ বন্ধনৰ হে; কিন্তু অবি' নাশ হলে অৰ্থাৎ আত্মজ্ঞান জন্মিলে জীৱে কৰ্ম্মৰ হাত সাৰি ভগৱানত লীন হয়। এইবোৰৰ নিয়ামক ভগৱান। ভগৱানে এই জগতৰ সকলো এক নিজ নিজ কৰ্ম অনুসাৰ ফল দান কৰি এই বিনন্দীয়া সৃষ্টিখন ৰক্ষা কৰিছে; সেইকাৰণে তেওঁক জগন্নাথ বদলে। পৰমাত্মা গৰব্ৰহ্ম পিং প্ৰকৃত পৰঃ। কাৰণং কাৰণানাঞ্চ কৃষ্ণো ভগৱান স্বয়ম্॥১৭৩