পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫২ সটীক নামঘোষা গুণ নাই, ক্ৰিয়া নাই, ধ্বংস নাই; আৰু সি অবিস্থাৰে মলিও নপৰে। তাৰ কোনো আকাৰ বিকাৰ নাই; সি নিত্য, মুক্ত আৰু নিৰ্ম্মল; কিন্তু দেহত থকা সময়ত আমি তাক জীৱাত্মা নাম দিওঁ। বাৰ ওপৰ, তল আৰু মধ্য সমুদায় শুন্য অৰ্থাৎ যাৰ ওপৰত আকাশ মাত্ৰ, তাত চন্দ্ৰ-সূৰ্য, গ্ৰহ-নক্ষত্ৰ আদি একো নাই, যাৰ তলত পৃথিবী আদি কোনো পদাৰ্থ নাই, যাৰ মধ্য অৰ্থাৎ দেহাদি নাই, এই কমে যি সৰ্বশু সেয়ে পৰমাত্মা। এওঁ সৰ্বশুন্য হৈয়ে আকৌ ওপৰ, তল, মধ্য সকলো ফালে তেওঁ পূৰ্ণ অৰ্থাৎ ওপৰে চন্দ্ৰ, সূৰ্য, নক্ষত্ৰ আদিয়ে ভৰা বিশাল আকাশ ব্যাপি তেওঁ আছে, তলৰ সহস্ৰ সহস্ৰ জীৰে ভৰা বিশাল পৃথিবীৰ সকলোতে তেওঁ বাহিৰে ভিতৰে আছে আৰু অনন্ত কোট ব্ৰহ্মাণ্ডৰ ভিতৰে বাহিৰে সকলো ঠাইতে তেওঁ বিৰাজ কৰিছে। পৰমাত্মা এনে সৰ্বব্যাপী, নিৰ্মল আৰু সূক্ষ্ম বস্তু। ওপৰৰ ঘোষাত “হৰি” শব্দে পৰমাত্মাক বুজাইছে। (ঘোষাক অৰ্থ) দেহ আৰু জীৱাতকৈ পৰমাত্মা উত্তম; অৰ্থাৎ দেহটো নশ্বৰ। জীৱাত্মাতে অবিদ্যাৰ উপাধি পৰে, কিন্তু পৰমাত্মা অবিদ্যাৰ ভিতৰতো প্ৰবেশ নকৰে, গতিকে সি উত্তম; এই কাৰণেই ভগৱানৰ আন এটা নাম পুৰুষোত্তম বা ভগৱান পুৰুষোত্তম বুলি প্ৰখ্যাত। [১৭২ ] কৰ্ম্ম অনুসাৰে ইটো জগতক পালন্ত হৰি সাক্ষাত।