পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা ১৫১ সেইদৰে দেহ, ইন্দ্ৰিয়, মন, বুদ্ধিয়েও আত্ম-চৈতন্য অৱলম্বন কৰি নিজৰ নিজৰ কাম সাধন কৰে মাত্ৰ; কিন্তু সিহঁত স্বয়ংসিদ্ধ হৈ কাম কৰাৰ ক্ষমতা সিহঁতৰ নাই। আকাশৰ কোনো বৰণ নাই; কিন্তু আমি জলীয় ভাপ,সূৰ্যৰ কিৰণৰ খেল, পোহৰৰ অভাৱ আদিত আকাশ নীল, হালধীয়া, ৰঙা, কলা দেখাৰদৰে, দেহ, ইন্দ্ৰি আদিৰ কামবোৰকেই আত্মাৰ বুলি ভাবে। পানী সৰিলে আকাশৰ চন্দ্ৰ, তৰা লৰাৰদৰে মনৰ কল্পনা বা অৱস্থাবোৰেই আত্মাৰ বুলি আমি ভুল কৰে। “মোৰ ভোক লাগিছে, মই কাম কৰিছে।” আদি এইবোৰ মনৰ কল্পনা; সেইদৰে সুখ-দুখ বুদ্ধিৰ গুণ, সেইবোৰ আকাৰ নহয়। আত্মাৰ প্ৰভাৱ সত্তা, জ্ঞান, আনন্দ আৰু নিত্য নিৰ্মাতা। আত্মাৰ বিকাৰ নাই। চাকিয়ে সকলোকে পোহৰ কৰাৰদৰে আত্মাই ইন্দ্ৰিয়, বুদ্ধি আদিক প্ৰকাশ কৰে। অন্যান্য বস্তুৱে চাকিক পোহৰ কৰিব নোৱাৰাৰ দৰে ইন্দ্ৰিয় আদিয়েও আত্মক প্ৰকাশ কৰিব নোৱাৰে; আৰু যেনেকৈ চাকিক পোহৰ কৰিবলৈ অন্য চাকিৰ দৰকাৰ নাই, সেইদৰে জ্ঞানময় আত্মাক জানিবলৈ অন্ত জ্ঞানৰ আৱশ্যক নকৰে। অকাই নিজে নিজেই প্ৰকাশ হয়, আৰু সি আনক প্ৰকাশ হে কৰে। শৰীৰ আদি চকুৰে দেখা ভৌতিক বস্তুবোৰ পানীৰ ভিমাৰদৰে নশ্বৰ। আত্ম নিৰ্ম্মল বস্তু, তাৰ শৰীৰ নাই। আত্মাৰ দেহ নাই দেখিয়েই তাৰ জন্ম, জৰা, কৃষ তা বা লয় আদি একো নাই। আৰু সি ইন্দ্ৰিয়, ৰূপ, ৰস, গন্ধ, স্পৰ্শ আদিৰ লগত তাৰ একো সম্বন্ধও নাই। আত্মাৰ দেহ নাই দেখি মনে নাই; গতিকে দুখ, শং, হিংসা আৰু ভয় আদিও তাৰ নাই। আত্মাৰ কোনো