পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ। জীৱাত্মা ক্ষৰ বা দেহৰপৰা বিভিন্ন; তাক উচ্চাৰণ কৰিব নোৱাৰি; তাৰ নাৰ নাই, ৰূপ নাই; সি তেজ নহয়, অন্ধকাৰ নহয়, তাক বাক্যেৰে প্ৰকাশ কৰিব নোৱাৰি, শব্দেৰে বুজাব নোৱাৰি। ইয়াৰ ক্ষয় নাই আৰু উদয় নাই; সেই কাৰণে ইয়াক অক্ষয় বোলে। ধান বানিলে যিদৰে তুহবোৰ গুচে আৰু চাউল ওলায়, সেইদৰে চিন্তা কৰিলে দেহৰ পঞ্চ আৱৰণ সুলকি পৰে-আত্মিবোধ হয়। জন্মৰ আগত এই স্থূলদেহ নাছিল; মৃত্যুৰ পাছতো এই দেহ নাথাকিব। শৰীৰৰ পঞ্চপ্ৰাণে সেই একেই। কাম, ক্ৰোধ আদিৰে মনৰ বিকাৰ জন্মে, গতিকে মনো আত্মা নহয়। টোপনিত নিজৰ মায়া বা কাৰণশৰীৰ বোধ না থাকে, গতিকে বুদ্ধিও আত্মা নহয়। আৰু সমাধিৰ সময়ত সকলো বৃত্তি লয় হয়, গতিকে কাৰণ শৰীৰে আত্মা নহয়। এইদৰে আত্মা পঞ্চকোষৰপৰা সম্পূৰ্ণ বিভিন্ন। স্বচ্চ বস্তুৰ প্ৰতিবিম্ব, স্বচ্ছ বস্তুতহে প্ৰকাশ হয়; সেইদৰে আত্মা সকলোতে পৰিব্যাপ্ত হলেও কেৱল বুদ্ধিত হে প্ৰকাশ হয়। শক্তিত ৰাজপুৰুষসকলৰ ক্ষমত। পৰিচালিত হোৱাৰদৰে আত্মৰ প্ৰভাৱতেই দেহ আৰু ইন্দ্ৰিয় আদিৰে কাম নিৰ্বাহ হয়; নাথাকিলে এইবোৰৰ একো কাম হব নোৱাৰে। এই কাৰণেই আত্মা দেহ, ইন্দ্ৰিয়, মন, বুদ্ধি আৰু প্ৰকৃতিৰ পৰা পৃথক; আত্মক এইবোৰৰ সাক্ষী হে বুলিব পাৰি। অত্মাই নিজে একো নকৰে। নজনা মানুহে মেঘ লৰা দেখি চঞ্জ লৰা বুলি ভবাৰদৰে, অজ্ঞানলোকে ইন্দ্ৰিয়বোৰৰ কামকেই আত্মাৰ কাম বুলি ভাবে। মুৰ্য্যৰ পোহৰত যিদৰে আমি নিজৰ নিজৰ কৰ্তব্য সাধন কৰে,