পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৭
সটীক নামঘোষা


[ ১৫৩ ]

চৈতন্য শক্তিৰ দ্বাৰে ইটো জড় জগতক
 ৰমাৱন্ত কৰ্ম্ম অনুৰূপে।
এতেকেসে ঈশ্বৰৰ পৰম প্ৰসিদ্ধ ৰাম
 নাম আক জানিবা স্বৰূপে॥

দ্বাৰে—দ্বাৰাই।
জড়জগত—জড় পদাৰ্থসমূহ।

 ( ভগৱানেই চৈতন্যময়; সমস্ত জগত জড়।) ভগৱানে চৈতন্য শক্তিৰ দ্বাৰাই সকলো জড় বস্তুক কৰ্ম্ম অনুসাৰে চলাইছে বা জড়ৰ ভিতৰত তেওঁ চৈতন্যৰূপে থাকি লীলা কৰিছে; এই কাৰণেহে ঈশ্বৰৰ বিখ্যাত ‘ৰাম’ নাম হল; ইয়াক সকলোৱে নিশ্চয়কৈ মানিবা বা বিশ্বাস কৰিব।

[ ১৫৪ ]

অনন্ত চৈতন্য আত্মা সদানন্দ ঈশ্বৰত
 যোগীগণে সদায় ৰময়।
এহিহেতু ৰাম পদে পৰমব্ৰহ্ম স্বৰূপত
 কহে ৰাম নামৰ অন্বয়॥

 ঈশ্বৰ অনন্ত, তেওঁ চৈতন্যময়, তেওঁ বিশ্বৰ আত্মা, তেওঁ সদা প্ৰফুল্ল; যোগীসকলে তেওঁক ধ্যান-ধাৰণা কৰোঁতে সদায় তেওঁৰ লগতে ৰমণ কৰে বা মিলে অৰ্থাৎ যোগীয়ে ঈশ্বৰক ধ্যান