পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৩
সটীক নামঘোষা

[ ১৪৮ ]

মোক্ষ আদি কৰি সুখ ঈশ্বৰ সেৱাৰ জানা
 অণু একো নুহি সমসৰ।
এহি হেতু মহাজনে জানিবা পৰমানন্দ
 নাম ধৰি আছন্ত ঈশ্বৰ॥

 ঈশ্বৰক একান্তমনে ভক্তি কৰিলে যি ভক্তি-ৰস বা আনন্দ পোৱা যায়, মোক্ষ আদি সুখ তাৰ লগত তুলনা কৰিলে তাৰ নিচেই অলপমানৰ সমানো নহয় অৰ্থাৎ ভক্তি-ৰসৰ আনন্দৰ লগত মোক্ষ পথ তুলনা নহয়। হে সাধুসকল, এই কাৰণেই ঈশ্বৰে পৰমানন্দ নাম লৈছে বা তেওঁক পৰমানন্দ বোলে।

কৃষ্ণনাম জগৎসত্যং জীৱানাং কাৰণং পৰম্।
জীৱনং শৰণং কৃষ্ণ নামৈব বিপুলং ধনম্॥
ৰ শব্দো বিশ্ববচনো মশ্চাপীশ্বৰবাচকঃ।
বিশ্বনামীশ্বৰো যো হি তেন ৰামঃ প্ৰকীৰ্ত্তিতঃ॥
 ( ১৪৯-১৫২ )

[ ১৪৯ ]

যিহেতু কৃষ্ণেসে আত্মা এতেকেসে জীৱৰাশি
 নিৰন্তৰে আনন্দ লভয়।
এহি হেতু সৰ্ব্বানন্দ নাম ধৰি আছা হৰি
 মহাজনে জানিবা নিশ্চয়॥