পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩২
সটীক নামঘোষা



 মানুহে গুৰুৰপৰা ঈশ্বৰৰ তত্ত্ব উপদেশ লৈ ভগৱন্তৰ পদসেৱা কৰে। আৰু তাৰ ফলত মায়াৰ হাত সাৰি অৰ্থাৎ নিস্পৃহভাৱে কৰ্ম্ম কৰি এই প্ৰলোভনপূৰ্ণ সংসাৰত সিংহৰদৰে নিৰ্ভয় চিত্তে জীৱন নিৰ্ব্বাহ কৰে। এই কাৰণে ঈশ্বৰৰ নাম নৰসিংহ হল বুলি সাধুসকলে কয়।

[ ১৪৭ ]

ঈশ্বৰৰ পাদপদ্ম ভজি শুদ্ধ চিত্ত হুয়া
 অধমো তেজয় বামানয়।
এহি হেতুতেসে থাকি নিৰন্তৰে মহাজনে
 ঈশ্বৰক বামন বোলয়॥

বামানয়—অসুৰৰ নিমিত্তে শুক্ৰাচাৰ্য্য বিৰচিত শাস্ত্ৰ বিশেষ; বৌদ্ধ-তান্ত্ৰিক শাস্ত্ৰ।
বামাচাৰ—বাওঁফালে যি নিয়ে।

 অসুৰৰ নিচিনা নীচ প্ৰকৃতিৰ মানুহেও পৰমেশ্বৰক শুদ্ধ চিত্তে ( একান্ত মনে ) ভজি বৌদ্ধ অনাচাৰী মত এৰে অৰ্থাৎ নাস্তিক মত বা ঈশ্বৰ বিমুখী ভাব এৰে; এই কাৰণে সাধুসকলে ভগৱানক ‘বামন’ বোলে।

ঈশ এবহিমত্যৰ্থং ন চ মামীশতে পৰে।
দদামি চ ষড়ৈশ্বৰ্য্যমীশ্বৰস্তেন কীৰ্ত্ত্যতে॥ ১৪৮