পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৭
সটীক নামঘোষা


[ ১৩৯ ]

নজানোহো আৱাহন নজানোহো বিসৰ্জ্জন
 পূজা মন্ত্ৰ নজানো কিঞ্চিত।
এতেকে পৰমেশ্বৰ  দাস ভৈলো চৰণৰ
 মোৰ গতি সাধিবে উচিত॥

 তোমাক কেনেকৈ মাতিব লাগে মই নাজানোঁ; পূজাৰ অন্তত কিৰূপে তোমাক বিদায় দিব লাগে তাকো নাজানোঁ; পূজা কিৰূপে কৰিব লাগে আৰু সেই পূজাৰ মন্ত্ৰ বা কি অলপো নাজানোঁ। সেই কাৰণে ( উপায় নাপাই ) হে সকলোৰে অধিপতি ভগৱান, মই তোমাৰ দাস হলোঁ। মোৰ উচিত গতি সাধিবা অৰ্থাৎ মই তোমাৰ একান্ত দাস হোৱাৰ ফলত মই যিহৰে উপযুক্ত হওঁ তাকে মোক দিবা।

 [ মই একো নাজানোঁ, কেৱল একান্ত মনে ভগৱানৰ আশ্ৰয় লৈছোঁ; তাৰ ফলত যি হয় হওক—একো কামনা নকৰোঁ। ]


নামান্বয়

কৃষি ভূৰ্বাচকঃ শব্দো ণশ্চ নিবৃত্তিবাচকঃ।
দ্বয়োৰ্বাক্যাৎ পৰব্ৰহ্ম কৃষ্ণ ইত্যভিধীয়তে॥
 (১৪০-১৪২)