সমললৈ যাওক

পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২১
সটীক নামঘোষা

[ ১৩১ ]

তুমি ভক্ত কল্পতৰু বাহিৰে ভিতৰে গুৰু
 তুমি বিনে নাহি মোৰ আৰ।
কৃপা কৰা হে হৰি চৰণত ৰক্ষা কৰি
 দিয়া মোক সেৱা ৰস সাৰ॥

 তুমি ভক্তৰ মনত কল্পবৃক্ষ স্বৰূপ; অৰ্থাৎ ভকতে তোমাত একান্তমনে যি খোজে তুমি তেওঁক তাকে দিয়া; তুমিয়েই আমাৰ অন্তৰ্জ্জগত আৰু বহিৰ্জ্জগতৰ গুৰু অৰ্থাৎ তুমিয়েই সংসাৰৰ সকলো প্ৰাণীক বায়ু, পানী, তাপ, আহাৰ আদি দি ৰক্ষা কৰিছা আৰু সকলো প্ৰাণীৰ অন্তৰৰ বৃত্তিবোৰ চলাইছা; এতেকে প্ৰভু, তোমাৰ বাহিৰে মোৰ আৰু আশ্ৰয়স্থল নাই।

 হে দুখ হৰণকৰোঁতা হৰি, মোক তোমাৰ চৰণত আশ্ৰয় দি ৰাখা; আৰু তোমাৰ সেৱা-ৰস সাৰ বা ভক্তি দিয়া; অৰ্থাৎ সেৱা কৰি মই যাতে আস্বাদ লব পাৰোঁ মোক তেনে অনুগ্ৰহ কৰা।

[ ১৩২ ]

তুমি হৰি কৃপাময় বাহিৰত গুৰু ৰূপে
 অনুগ্ৰহ কৰি আছা মোক।
অন্তৰ্য্যামী গুৰু ৰূপে তাকে সত্য কৰা মোৰ
 তযু নামে সদা ৰতি হোক।

অন্তৰ্য্যামী—অন্তৰাত্মা, অন্তৰৰ কথা যোনে জানিব পাৰে। (১৩০ চোৱাঁ।)

তাকে সত্য কৰা—বিশ্বাস জন্মোৱা, উপলব্ধি কৰোৰা।