হে নাৰায়ণ, তুমি মোৰ চিত্তৰ কাম, ক্ৰোধ, দয়া, ক্ষমা
আদি বৃত্তিবোৰ চলাওঁতা; আৰু তুমি বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী হোৱাৰ
লগতে মোৰে তুমি গৰাকী বা স্বামী, আৰু মই তোমাৰ দাস,
মই মালিকবিহীন বা অনাথ, নিৰাশ্ৰয় নহয়; এতেকে তোমাৰ
চৰণত শোক আশ্ৰয় দি মোৰ মায়া ( বিষয় বাসনা ) আঁতৰোৰা।
হে প্ৰভু, পৰম ঐশ্বৰ্যশালী ভগৱান, মোক এইখিনি অনুগ্ৰহ কৰা।
[ ১৩০ ]
তুমি মোৰ অন্তৰ্য্যামী তযু ভৃত্য ভৈলো আমি
জানি কৃপা কৰা হৃষীকেশ।
দান্তে তৃণ তুলি লওঁ যিমতে সেৱাত ৰওঁ
দিয়া মোক সেহি উপদেশ॥
অন্তৰ্য্যামী-অন্তৰ জানোঁতা বা বুজোঁতা।
হৃষীকেশ-ইন্দ্ৰিয়ৰ অধিপতি।
হে প্ৰভু, তুমি মোৰ অন্তৰ বুজোঁতা, মোৰ অন্তৰ কেনে তাক তুমি জানা, মই একান্তমনে তোমাৰ চৰণত আশ্ৰয় লৈছোঁ। তুমি মোৰ ইন্দ্ৰিয়ৰ অধিপতি—মন, বুদ্ধি, অহঙ্কাৰ আদিৰ নিয়ামক তুমি। প্ৰভু, মই তোমাত আশ্ৰয় লেৱো তুমি জানিছা, এতেকে তুমি মোক কৃপা কৰা অৰ্থাৎ মোৰ এই ইন্দ্ৰিয়বোৰ সৎ-পথে চলোৱা। মই অতি কাতৰ ভাৱে প্ৰাৰ্থনা কৰোঁ, যাতে মই মোৰ সেৱাত ৰব পাৰোঁ; অৰ্থাৎ সদায় যাতে মোৰ মন তোমাৰ চৰণত থাকে, মোক সেই উপদেশ দিয়া বা মোক সেইমতে চলোৱা।