পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯
সটীক নামঘোষা

ভাৰত-ভাৰতবৰ্ষ।

 এই ভাৰতবৰ্ষ ৰত্নৰ দ্বীপ স্বৰূপ; সংসাৰৰ মহা ৰত্নৰ সাৰ ৰাম- নাম ইয়াতেই প্ৰকাশ পায়— ইয়াৰপৰাই পৃথিৱীৰ সকলো মূলধৰ্ম্ম বিস্তাৰিত হৈছে। মানুহৰ শৰীৰ নৌকা স্বৰূপ। নাৱেৰে সাগৰ পাৰ হৈ বাণিজ কৰি ৰত্নদ্বীপৰপৰা ৰত্ন আনিব পৰাৰ দৰে মানুহৰ শৰীৰেৰে ৰাম নাম লৈ এই ভাৰততেই ঈশ্বৰক লাভ কৰিব পাৰে। এনে অৱস্থাত সুন্দৰ বাপতীয়া পণ্য বস্তু (বেপেৰুৱা বেহানি) পাই যি মানুহে বাণিজ নকৰে অৰ্থাৎ এই শৰীৰ খটাই ৰাম-নাম- ধনেৰে ভগৱানক নিকিনে (লাভ নকৰে), তাতকৈ আৰু দুৰ্ভগীয়া লোক কোন আছে?

প্ৰাৰ্থনা

নমো বিজ্ঞানৰূপায় পৰমানন্দপিণে।
কৃষ্ণায় গোপীনাথায় গোবিন্দায় নমো নমঃ॥
 (১২৯-১৩২)


[ ১২৯ ]

তুমি চিত্ত বৃত্তি মোৰ প্ৰৱৰ্ত্তক নাৰায়ণ
 তুমি নাথ মই নাথৱন্ত।
চৰণ ছত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া
 কৰা দয়া মোক ভগৱন্ত॥