পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮
সটীক নামঘোষা


[ ১২৭]

পুৰুষোত্তমৰ প্ৰেম ভকতি সুখক মাত্ৰ
 নিশ্চয় কৰিল যিটো জন।
শৰণ কালৰপৰা বিধিৰ কিঙ্কৰ গুচি
 কৰে সদা শ্ৰৱণ-কীৰ্ত্তন॥

নিশ্চয় কৰিলে—সুদৃঢ় বিশ্বাস কৰি ধৰিলে।

 যি মানুহে আকৌ ভগৱন্ত প্ৰভুৰ প্ৰেম-ভক্তিৰপৰা ওপজা সুখকে মাত্ৰ সুদৃঢ় বিশ্বাস কৰি ধৰে অৰ্থাৎ ভগৱানক ভজিলে যি সুখ পোৱা যায়, তাকে মাত্ৰ যি মানুহে আশা কৰে, তেওঁ ভগৱন্ত প্ৰভুৰ একান্ত শৰণ লোৱা সময়ৰ পৰাই বিধি-ব্যৱস্থাৰ হাত সাৰে; অৰ্থাৎ ভক্তি কামনাকাৰীয়ে একান্তমনে ভগৱানক আশ্ৰয় লোৱা সময়ৰপৰাই বিধি মানি নচলিলে দোষ নঘটে।

[ ১২৮]

ভাৰত ৰত্নৰ দ্বীপ মনুষ্য শৰীৰ নৌকা
 ৰাম নাম মহাৰত্ন সাৰ।
হেনয় বাণিজ পাই যিটো জনে নকৰয়
 তাত পৰে দুখী নাহি আৰ॥


বিঃ দ্ৰঃ—১২৫ ঘোষাত “মুমুক্ষু, ১২৬ ঘোষাত-জ্ঞাননিষ্ঠ, ১২৭ ঘোষাত-পুৰুষোত্তমৰ প্ৰেম এই তিনিজনৰ পৰমাৰ্থ লাভত কোনে কিমান দূৰ আগবাঢ়িছে তাৰ তুলনা কৰি দেখুৱাইছে।