পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১২০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
সটীক নামঘোষা

কিয়নো জ্ঞানীসকলৰ পক্ষে গোটেই বিশ্বকে কৃষ্ণময় দেখাই ধৰ্ম্ম, অৰ্থ, কাম, মোক্ষ চতুবৰ্গ সাধন বা এয়ে সিবিলাকৰ জীৱনৰ উদ্দেশ্য।

[ ১২৪ ]

সমস্ত সুখক তেজি  পুৰুষোত্তমৰ প্ৰেম
 ভকতিক কৰিল আশ্ৰয়।
ভকতসবৰ এহি পুৰুষাৰ্থ মনোনীত
 আনো সুখ অধিকে পাৱয়॥

 যিসকলে বিদ্যা-অবিদ্যাৰপৰা হোৱা সুখলৈ পিঠি দি একমাত্ৰ ভক্তিকে আশ্ৰয় কৰে অৰ্থাৎ, বিষয়-সুখলৈ আসক্তি এৰি তত্ত্বজ্ঞানলৈও মন নকৰি কেৱল ভগৱন্তৰ প্ৰেমত মুগ্ধ হৈ তেওঁকে ভজে (ভগৱানৰ নাম শ্ৰৱণ-কীৰ্ত্তন-স্মৰণ কৰে তেওঁ সকলো প্ৰকাৰ সুখৰ অধিকাৰী হয়; ভক্তসকলৰ এই পুৰুষাৰ্থই মনোনীত অৰ্থাৎ ভক্তসকলে এইদৰেহে চলে বা চলিবলৈ ভাল পায় নাইবা এয়ে ডক্তৰ লক্ষণ।

( ইয়াত জ্ঞানতকৈ ভক্তিমাৰ্গৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিছে)

[ ১২৫ ]

মুমুক্ষু জনৰ যেৱে অবিদ্যা জনিত সুখে
 বিৰকতি ভৈল অতিশয়।
কেৱল আত্মাত মাত্ৰ  সদায় ৰমণ কৰে
 তেৱে বিধি কিঙ্কৰ গুচয়॥