পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ তম গুণৰ প্ৰভাৱত এলেহুৱা আৰু মোহমগ্ন হয়; সেয়ে এই গুণে সৃষ্টিক ধ্বংসৰ পথলৈ নিয়ে বুলি ধৰিব পাৰি। ৰজগুণে ব্ৰহ্মা--তেওঁ সৃষ্টি কৰে, সত্ত্ব গুণে বিষ্ণু তেওঁ সৃষ্টি পালন কৰে আৰু তম গুণে মহেশ্বৰ তেওঁ সৃষ্টি সংহাৰ কৰে। এই নিৰাকাৰ নিৰ্ব্বিকাৰ ভগৱানৰ এই তিনিট। বিভিন্ন মূৰ্তি ভগৱানৰ গুণবোৰৰ সৃষ্টি কৰে, সেয়ে কোনো গুণে তেওঁৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। এই কাৰণে ভগৱানক গুণাতীত বা নিগুণ যোলে। ভগৱান সৰ্বত্ৰ বিজিত, যেয়ে য’তে ভাবে, ত’তে তেওঁক পাব পাৰে; তথাপি বৈকুণ্ঠধাম বিষ্ণুৰ অৰ্থাৎ ভগৱানৰ প্ৰিয় ঠাই। যোগীসকলে নিজৰ হিয়াত ভগৱানক আৰাধনা কৰে, সেই কাৰণে যোগীৰ হৃদয়ে। ঈশ্বৰৰ প্ৰিয় ঠাই বুসি উল্লিখিত হৈছে।] মাক হেৰোৰা দামুৰিয়ে মাকক পাবলৈ হেমেলোৱাৰ দৰে একান্ত মনে ভগৱানক ভক্তি কৰোঁতা ভকত্সকলে সত্ত্ব, ৰজ আৰু অমা গুণে পীড়িব নোৰা সকলো গুণৰ আধাৰ ভগৱন্তক যি ঠাইতে বহি আৰাধনা নকৰক, বা তেওঁৰ গুণ-গান নকৰক, তেওঁ অকল তেওঁৰ সেই প্ৰিয় ঠাই বৈকুণ্ঠ আৰু মোপ হৃদতে নাথাকি ভক্তৰ হৃদয়তে দৰ্শন বা সাক্ষাত দিয়েহি; অৰ্থাৎ একান্ত মনে পৰমেশ্বৰৰ নাম ললে নিজৰ হৃদয়ও ভগৱানৰ সত্তা উপলব্ধি হয়। [ প্ৰথমে গুৰুপদ সেৱা, তাৰ পাচত গুৰুৰ কৃপাত দেৱতাৰ পৰিচয়, দেৱতাৰ পৰিচয়ত্ত দেৱৰ নাম শ্ৰৱণ-কীৰ্ত্তন, তাৰ ফলতে ভক্তত প্ৰতি জন্মে। ওপৰৰ ঘোষাৰ প্ৰথম ঘোষাৰে সমস্ত মস্তক

  • গীতাৰ্থ অধ্যায়।