পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৫
সটীক নামঘোষা

 মুক্তিকামীলোকসকলে মায়াৰপৰা উদ্ভৱ হোৱা সত্য আদি লোকৰ প্ৰতি উদাসীন থাকে অৰ্থাৎ সেইবোৰ কামনা নকৰে। তেওঁলোকে দেহ, মন শুদ্ধ কৰাকে পৰম পুৰুষাৰ্থ বুলি ধৰে অৰ্থাৎ হৰিনাম-কীৰ্ত্তন কৰি কৰি মায়াৰ হাত সাৰি মন শুদ্ধ কৰাকেই প্ৰধান কৰ্ম্ম বুলি বিশ্বাস কৰে আৰু সেইমতে চলে।

[ ১২৩ ]

বিদ্যা-অবিদ্যা জন্য সুখে নিৰপেক্ষ হুয়া
 কৰিল আপোন মন স্থিৰ।
বাসুদেৱময় মাত্ৰ  সকলে জগত ইটো
 পুৰুষাৰ্থ জানিবা জ্ঞানীৰ।


বিদ্যা—তত্ত্বজ্ঞান “মই দেহ নহওঁ, আত্মা” এনে বোধৰপৰা জ্ঞানমাৰ্গীৰ যি সুখ ওপজে।”

পুৰুষাৰ্থ—পুৰুষৰ ধৰ্ম্ম, অৰ্থ, কাম, মোক্ষৰূপ প্ৰয়োজন; প্ৰযত্ন।

বিদ্যা-অবিদ্যাজন্য সুখ—আত্মজ্ঞানৰপৰা হোৱা সুখ আৰু মায়াৰপৰা হোৱা সুখ৷

 [ ধন, জন, ঐশ্বৰ্য্যত মানুহৰ মনত সুখ জন্মে; এই সুখক অবিদ্যাৰপৰা হোৱা সুখ বেলা যায়। তত্ত্বজ্ঞান জন্মিলে বা পৰমাৰ্থ পালেও মানুহৰ মনত সুখ জন্মে; এই সুখক বিদ্যাৰ সুখ বোলা যায়৷ ] যি মানুহে মায়াৰপৰা হোৱা সুখ বা তত্ত্বজ্ঞানৰপৰা হোৱা সুখৰ প্ৰতি উদাসীন হৈ অৰ্থাৎ কোনো বিধ সুখতে আসক্ত নহৈ নিজৰ মন স্থিৰ ৰাখিব পাৰে, তেওঁৰ মনত গোটেই জগৎ কৃষ্ণময়;