পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা ১১৩ তেতিয়া ৰজাৰ খং উঠিল আৰু কলিক বধ কৰিবলৈ উদ্যত হল। কলিয়ে নানা কাকুতি-মিনতি কৰি ৰজাৰ চৰণত ধৰিলে। কলিৰ কাৰণ্যত ৰজাৰ দয়া উপজিল। তেতিয়া "ৰজা মনে ভাবে আত আছে মহা গুণ। ইচ্ছা আত্ৰে কলিত উপজে যত পুণ্য॥২৮৫ মনত আলচে নতু হৰি বোলে আসি। এতেকে উপজে মহা মহা পুণ্য ৰাশি॥ কৰিলেক সিজে পাপ হেন গুণ জানি। প্ৰাণে নমাৰিলন্ত কলিক মহামানী”। ২৮৬ তাৰ পাছত কলিক ৰাজ্যৰপৰা ওলাই যাবলৈ কয়, কলিয়ে তেতিয়া কয়—“সসাপৰ পৃথিৱী দেখে তোমাৰ, তাৰ বাহিৰেতো আৰু ঠাই নাই; মই কলৈ যাওঁ মহাৰাজ?” এইদৰে আকৌ কাকুতি কৰাত ৰজাই কয় “নৃপতি বোন্ত কপি তোক দিলে হুনি। যৈত খেলে জুৱা-পাশা কৰে মদ্যপান ৪. স্ত্ৰী পঞ্চকুন * গৃহস্থৰ থাকে যৈত। এহি চাৰি ঠাই দিলো বঞ্চ গৈয়া তৈত॥” { ভাগৱত প্ৰথম খ।} জননিষ্ঠো বিৰক্তো বা মক্তো ন পেক্ষক। স শিঙ্গানামাত্ত্যক্তা চৰেদবিধিগোচৰঃ

  • পঞ্চসুনা-চৌকা, শিলপাটা, লেচা, বাটুনি আৰু পানীৰ কলহ।