পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
সটীক নামঘোষা


[ ১২১ ]

দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা
 গুণ দেখি কৰিলা ৰক্ষণ।
মহা পাপী অন্ত্য জাতি তৰয় কলিত সুখে
 মুখে কৰি হৰিৰ কীৰ্ত্তন॥

 কলিকাল দোষে ভৰা; অৰ্থাৎ কলিকালত মানুহ সহজতে মিছা ফাঁকি, প্ৰবঞ্চনা আদিত লিপ্ত হয়;। তথাপি এই কালতো দুৰ্ঘোৰ পাপী আৰু নীচ জাতিৰ মানুহেও মুখেৰে হৰিনাম কীৰ্ত্তন কৰি মুক্তি লাভ কৰিব পাৰে। সত্য, ত্ৰেতা, দ্বাপৰ আদি কালত মানুহে তপ, যাগ, যজ্ঞ আদি কৰিহে ভগৱানক লাভ কৰিব পাৰিছিল৷ কলি কালত সেই ধৰণৰ কঠোৰ বিধি-ব্যৱস্থা মানি তপ, যাগ আদি নকৰি হৰিনাম একান্ত মনে লৈয়েই তেওঁক পাব পাৰে; কলি কালৰ এয়ে এটা বিশেষ গুণ। এই গুণ দেখিয়েই চন্দ্ৰবংশ পৰম বৈষ্ণৱ পৰীক্ষিত ৰজাই কলিক ধ্বংস নকৰিলে।

 উপাখ্যান—পৰীক্ষিত হস্তিনাপুৰত কিছুদিন ৰাজত্ব কৰাৰ পাচতেই কলি প্ৰবেশ কৰে। তাকে দেখি তেওঁ কলিক বিচাৰি ফুৰে আৰু লগতে জম্বুদ্বীপ জয় কৰে। পৰীক্ষিতে দিগ্বিজয় কৰি কুৰুক্ষেত্ৰ পাওঁতেই তাত দেখিলে, ৰাজ পোছাক পিন্ধা এক শূদ্ৰই এক ঠেঙ্গীয়া এটা ষাঁড় আৰু এজনী গাইক টঙনিয়াব ধৰিছে; তেওঁ দূৰৈৰপৰা শূদ্ৰক গৰ্জ্জি কাষ চাপিল। পৰীক্ষিতে সেই ষাঁড়টোৰ লগত কথা হৈ বুজিব পাৰিলে, যে ষাঁড়টোৱেই ধৰ্ম্ম গাইজনী পৃথিৱী আৰু ৰজাৰ পোছাক পিন্ধা শূদ্ৰটো কলি।