পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
সটীক নামঘোষা

 হৰিৰ নাম কীৰ্ত্তন পৰম পবিত্ৰ ধৰ্ম্ম; এই ধৰ্ম্ম সকলো শ্ৰেণীৰ, সকলো জাতিৰ মানুহে আচৰণ কৰিব পাৰে; অৰ্থাৎ ঈশ্বৰৰ নাম লবলৈ জাতি-অজাতি, স্ত্ৰী-শূদ্ৰৰ বিচাৰ নাই , এই কাৰণে ঈশ্বৰৰ নাম ধৰ্ম্ম সকলো ধৰ্ম্মৰ ভিতৰতে শ্ৰেষ্ঠ, শাস্ত্ৰ বিচাৰৰ এয়ে সাৰ অৰ্থাৎ শাস্ত্ৰাদি আলোচনা কৰিলে তাৰ সাৰ মৰ্ম্ম “হৰিনামেই শ্ৰেষ্ঠ ধৰ্ম্ম” বুলি পোৱা যায়।

[ ১১৯ ]

বৰ্ণাশ্ৰম ধৰ্ম্ম যত যাৰ যেন বিধি আছে
 তাৰেসে কেৱল অধিকাৰ।
হৰিনাম কীৰ্ত্তনৰ নাহিকে নিয়ম একো
 এতেকেসে ধৰ্ম্ম মাজে সাৰ।

আশ্ৰম—গৃহী, ভিক্ষু, ব্ৰহ্মচাৰী, বানপ্ৰস্থ এই চাৰি আশ্ৰম।

বৰ্ণাশ্ৰম ধৰ্ম্ম— চাৰি জাতিৰ বিভিন্ন কৰ্ম্ম, যেনে-ব্ৰাহ্মণৰ যাজন-যজন আদি, ক্ষত্ৰিয়ৰ যুদ্ধ আদি, বৈশ্যৰ কৃষি-বাণিজ্য আদি আৰু শূদ্ৰৰ পদসেৱা।

 জাতি অনুসৰি ধৰ্ম্ম আচৰণ কৰাৰ বেলেগ বেলেগ ব্যৱস্থা আছে; সেই ব্যৱস্থামতে বেলেগ বেলেগ জাতিয়ে বিভিন্ন বিধিমতে ধৰ্ম্ম আচৰণ কৰিব লাগে; কিন্তু হৰিনাম কীৰ্ত্তন কৰিবলৈ সেইদৰে বেলেগ বেলেগ শ্ৰেণীৰ লোকৰ বাবে বিভিন্ন নিয়ম নাই; সকলোৰে বিনা বাধাই হৰিনাম লব পাৰে; সেই কাৰণে সকলো ধৰ্ম্মৰ

ভিতৰত নামধৰ্ম্মই শ্ৰেষ্ঠ।