পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯
সটীক নামঘোষা


যদীচ্ছসি জগদ্ধাম ধামব্যয়মনুত্তমং।
ভগৱত্যম্বুজাক্ষে চ সদৈক শৰণো ভব॥

(১১৭—১১৯)

[ ১১৭ ]

জগত ঈশ্বৰ কৃষ্ণ তাহান অব্যয় স্থান
 তাক প্ৰতি আছে যেৱে মন।
ভগৱন্ত ঈশ্বৰৰ চৰণ পঙ্কজে সদা
 হুয়ো তেৱে একান্ত শৰণ॥

অব্যয়—অক্ষৰ, নিত্য। অব্যয়স্থান-নিত্যধাম, বৈকুণ্ঠ।

 জগতৰ ঈশ্বৰ কৃষ্ণক বা তেওঁৰ চিৰবাস বৈকুণ্ঠ লাভ কৰিবৰ বাঞ্ছা থাকিলে অৰ্থাৎ তেওঁৰ সেই অক্ষয় স্থান পাব খুজিলে, অন্য ভাব এৰি একান্তমনে তেওঁৰ চৰণত আশ্ৰয় লোৱা ভগৱন্তৰ চৰণত মন মজিলে ভক্ত ভগৱানত লীন হয় আৰু তেনে ভক্ত পৰম পুৰুষৰ লগত বৈকুণ্ঠবাসী হয়।

[ ১১৮ ]

পৰম নিৰ্ম্মল ধৰ্ম্ম হৰি নাম কীৰ্ত্তনত
 সমস্ত প্ৰাণীৰ অধিকাৰ।
এতেকেসে হৰি নাম সমস্ত ধৰ্ম্মৰ ৰাজা
 এহি সাৰ শাস্ত্ৰৰ বিচাৰ॥