পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
সটীক নামঘোষা


হেনসে পৱিত্ৰ সিটো  জানিবা যজ্ঞত আনি
 পাত্ৰ পাতিবাৰ যোগ্য হয়॥

পাত্ৰ—প্ৰধান লোক, আচাৰ্য্য।

 কৃষ্ণই সংসাৰৰ ভিতৰত শ্ৰেষ্ঠ; যদি নীচ জাতিৰ লোকেও পোনতে তেওঁৰ তত্ত্ব নোপোৱাকৈয়ে একান্ত মনে তেওঁৰ নাম লয়, সেই লোকে পৰমেশ্বৰৰ নাম লোৱা হেতু ভক্তি ভাৱত এনে পৱিত্ৰ হয় যে তেওঁক আনি যজ্ঞত আচাৰ্য্য পাতিব পাৰি।

ৰাম ৰামেতি ৰামেতি যস্য বক্ত্ৰে 'তবত্যলং।
ন তস্য তুল্যতাং বাতি চিৰ তীৰ্থাটনং মহৎ॥১১৯

[ ১১৬ ]

ৰাম ৰাম ৰাম বাণী  পৰম মঙ্গল ৰূপ
 যাৰ মুখে প্ৰকাশ কৰয়।
চিৰকাল মহাতীৰ্থ  কৰিয়া পৱিত্ৰ হুয়া
 তাৰ কদাচিতো তুল নয়॥

 যি মানুহৰ মুখত পৰম মঙ্গল স্বৰূপ ৰাম নাম প্ৰকাশ পায় অৰ্থাৎ যি মানুহে সদায় পৰমেশ্বৰৰ নাম লৈ থাকে, তেওঁৰ সমান আজীৱন তীৰ্থ কৰি শুদ্ধ হোৱা মানুহো হব নোৱাৰে।

 [ পৱিত্ৰ হোৱাৰ আশাৰে তীৰ্থ পৰ্য্যটন কৰাৰ দৰকাৰ নাই, ৰাম নাম একান্ত মনে লৈয়েই মানুহ পৱিত্ৰ হব পাৰে। ]