পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭
সটীক নামঘোষা


ঈশ্বৰঃ পৰমো দেৱো মম তন্নাম তাৰকং।
ইতি যে নিশ্চিতো নিত্যং কৃতনিং তং পৰং বিদুঃ॥১১৪

[ ১১৪ ]

ঈশ্বৰ কৃষ্ণেসে নিষ্ঠ  পৰম আৰাধ্য দেৱ
 মোৰ তান নামে নিজ গতি।
হেন নিশ্চয় সিটো কৰিলেক নিতে আতি
 সি সি জন পৰম প্ৰকৃতি॥

পৰম প্ৰকৃতি-পৰম কৃতী [ সং—মূলত আছে 'কৃতিনং পৰং তং বিদুঃ']

 একমাত্ৰ ঈশ্বৰ কৃষ্ণই নিশ্চয় মোৰ একমাত্ৰ আৰাধনাৰ দেৱতা অৰ্থাৎ কৃষ্ণৰ বাহিৰে মোৰ পূজা কৰিবলগীয়া দেৱতা আৰু নাই; আৰু তেওঁৰ নাই মোৰ আশ্ৰয়। যি মানুহে এনে ভাৱ সদায় মনত ৰাখি নিশ্চয় কৰি ললে অৰ্থাৎ এনে ভাবে যি সদায় তেওঁকে ভাবিবলৈ অভ্যাস কৰিলে, তেৱেঁই কতী বা তেওঁৰ স্বভাৱেই উত্তম।

অপি চেৎ শ্বপচো নাম সংসাৰেন্দ্ৰস্য চাবশাৎ।
যদি গৃহ্নাতি সোহপ্যত্ৰ ৰজ্ঞায় পৰিকল্প্যতে।১১৫

[ ১১৫ ]

সংসাৰৰ ইন্দ্ৰ কৃষ্ণ  তাহান নামক যিটো
 অজ্ঞানতো চণ্ডালে লৱয়।