পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
সটীক নামঘোষা

নিজৰ অমঙ্গল নকৰিবা; তেওঁক ভজি পৰম আনন্দে মুক্তি লাভ কৰি চতুৰতাৰ অৰ্থাৎ সুবুদ্ধিৰ চিনাকি দিয়া।

————

সাৰ নিৰ্ণয়

ভগৱদ্‌গুণ-সন্দোহং শ্ৰোতুং বশ্চ সমুদ্যুত।
তবেন্নিৰ্ম্মৎসৰঃ শুদ্ধঃ শ্ৰোতুং কিং বৰ্ণয়াম্যহম্॥ ১১৩

[ ১১৩ ]

ভগৱন্ত ঈশ্বৰৰ  গুণ সমূহক যিটো
 শুনিতে উদ্যম কৰে নৰ।
তেখনৰে পৰা সিটো জানিবা নিশ্চয় কৰি
 ভৈল অতি শুদ্ধ নিৰ্ম্মৎসৰ॥

নিৰ্ম্মৎসৰ—মাৎসৰ্য্যৰহিত, গৰ্ব্বৰহিত।

 জ্ঞানাদি ষড়্ ঐশ্বৰ্য্যৰ গৰাকী ঈশ্বৰৰ গুণবোৰ যি মানুহে শুনিবলৈ ৰত্ব কৰে অৰ্থাৎ ঈশ্বৰৰ গুণবোৰ শুনি আৰু আলাপ কৰি ভাল পোৱা হয়, তেতিয়াৰপৰা সেই মানুহ নিৰহঙ্কাৰী হৈ উঠে। [ ঈশ্বৰৰ লীলা-গুণ শুনি ঈশ্বৰৰ তত্ত্বত আগ বঢ়াৰ লগে লগে মানুহৰ মইবৰ ভাৱ বিলোপ হৈ যায়।]