পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

>$ সটীক নামঘোষা ভগৱান বা মাধৱেই পৰমত্মাৰূপে সকলোৰে হৃদয়ত আছে; তেৱেই সকলোৰে উপাস্য দেবতা, তেৱেই সকলো দেৱতাৰ ভিতৰত শ্ৰেষ্ঠ, সকলোতকৈ তেৰেই বৰ, সকলোৰে গৰাকী তেৱেই; ইয়াকে জানি সেই মাধৱক পূজা কৰা [ সৰ্বশ্ৰেষ্ঠ একমাত্ৰ ভগৱানক- উপাসনা কৰা ]; এই ধৰ্মই মানুহৰ উৎকৃষ্ট ধৰ্ম। . [ ১১০ ] পৰম চতুৰ সি সি বুদ্ধিত কৌশল আতি যিটো মাধৱৰ গুণ গাৱে। মিছা কলেৱৰ গোট মুকুতি বাণিজ কৰি ভৱ তৰি মাধৱক পাৱে ৪ মিছা-ক্ষণভঙ্গুৰ, নৰ, অস্থায়ী। মিছা কলেৱৰ গোটে মুকুতি ৰাণিজ কৰি—ক্ষণভঙ্গুৰ শৰীৰেৰে মুক্তিৰ বেপাৰ কৰি। যি মানুহে মাধৱৰ নাম-গুণ কীৰ্ত্তন কৰে, সেই লোকেই অভি চতুৰ আৰু তেওঁ বুদ্ধিতে নিপুণ; তেওঁলোকে এই নশ্বৰ শৰীৰেৰে মাধৰৰ নাম লৈ মুক্তি কিনি ( সাভ কৰি) সংসাৰৰপৰা উদ্ধাৰ হৈ: পৰমেশ্বৰক লাভ কৰিব পাৰে। [১১১] যিজনে একান্ত চিত্তে মাধৱক ভক্তি নিতে, ফুৰে মাধৱৰ গুণ গাই।