পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা অৰ্থাৎ তেওঁৰ সংসাৰৰ ৰোগ, জৰা, মৃত্যুলৈ ভয় নাখাকে আৰু ঈশ্বৰ প্ৰাপ্তি ঘটে। [ sob ] দুঃস্বপ্ন নাশন ইটো মাধৱ মাধৱ নাম দুষ্ট গ্ৰহ ভয় বিনাশন। পৰম সম্পদ ৰূপ জানি মাধৱৰ নাম সৰ্বদায়ে কৰিয়ো কীৰ্তন। ( সুস্থিৰ মনৰ বেয়া সপোনে ভৱিষৎ আপদ সূচায়।) মাধৰ নামে বেয়া সপোন নাশ কৰে অৰ্থাৎ মাধৱ নাম জপ কৰিলে বেয়া সপোনৰ ফল ভোগ কৰিব নালাগে, মাধৱ নামে আপদ আঁতৰায়। মাধৱ নামে কুপিত গ্ৰহৰ ভয়ে গুচায় অৰ্থাৎ মাধৱ নাম জপ কৰিলে কুপিত হোৱা গ্ৰহৰ দৃষ্টিত মানুহৰ অমঙ্গল হব নোৱাৰে। এই কাৰণে মাধৱ নাম সৰ্বমঙ্গলদায়ক বুলি নিশ্চয় কৰি ধৰি সদায় তেওঁৰ নাম লোৱা। [১৯] মাধৱেসে আত্মা নিজ মাধৰেসে ইষ্ট গুৰু মাধৱেসে দেৱতা পৰম। পৰম ঈশ্বৰ স্বামী জানি মাধৱক ভা মনুষ্যৰ ইসে শ্ৰেষ্ঠ ধৰ্ম।