পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা [ soy ] মাধৱ মাধৱ নাম বচনত উচ্চৰয় মাধৱ মাধৱ হৃদয়ত। নিৰন্তৰে সাধু সবে মাধৱ মাধৱ নাম উচ্চৰন্ত সমস্ত কাৰ্যত॥ সাধুসকলে মুখত আৰু অন্তৰত মাধৱৰ নাম উচ্চাৰণ কৰে অৰ্থাৎ মুখেদিয়েও ঈশ্বৰৰ নাম লয় আৰু হৃদয়তো ঈশ্বৰৰ নাম উচ্চাৰণ কৰা অনুভৱ কৰে; অৰু সকলো কাম কৰোতে সদায় ঈশ্বৰৰ নাম উচ্চাৰণ কৰিহে আৰম্ভ কৰে অৰ্থাৎ তেওঁলোকে যি কৰে সকলো ঈশ্বৰৰ আদেশ বুলি ভাৱে [১১২ পৰ্যন্ত মাধৱ সপ্তক ] { ১০৭} মাধৱ মাধৱ নাম যিটো মহাজনে উচ্চাৰয়। তাৰ অমঙ্গল ৰূপ গুচয় সংসাৰ ভং মাধৱৰ নিকট পায়। যি সাধুলোকে ঈশ্বৰৰ পৰম মঙ্গলদায়ক 'মাধৱৰ নাম একান্ত মনে উচ্চাৰণ কৰে, সেই লোকৰ অমঙ্গল স্বৰূপে সসাৰ ভয় চে