পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা ( ১০৫ ] অচ্যুত কেশৱ বিষ্ণু নাম সত্য জনাৰ্দন হংস নাৰায়ণ অষ্ট নাম। পৰম মঙ্গল ৰূপ যিটো অহৰ্নিশেৱে তাৰ পূৰ্ণ হোৱে মনস্কাম ৪ অচ্যুত-ন চুত কৰণ) যি স্থিৰ বা যাৰ পতন নাই, বিনাশ- শুন্য, অবিনশ্বৰ। জনাৰ্দন - জন ( লোক। অব্দ; যাচ! কৰা—অনট, মাসুহে যাক যাচ, কৰে। জন। অসুৰ) অৰ্দি ( পীড়িত কৰা-অন। যি জন নামক অসুৰক পীড়ন কৰিছিল। বিষ্ণু। হংস-পৰমব্ৰহ্মা বিষ্ণু। “সোহহং” (তেওঁৱেই মই) ওলোটালে “হংস” হয়। ঈশ্বৰৰ অদ্ভুত, কেশৱ, বিষ্ণু, হৰি, সত্য, জনাৰ্দন, হংস, নাৰায়ণ এই আঠ নাম পৰম মঙ্গল স্বৰূপ , যি মানুহে এই আঠ নাম দিনে-ৰাতিয়ে লয়, তাৰ মনস্কামনা পূৰ্ণ হয়। পৰমাৰ্যসাৰ মাধুৰৰ মাধৱো বাচি মাধৱো মাধৱে হৃদি। স্মৰন্তি সাধৰ সৰ্বে সৰ্ব্বকাৰ্য্যেষ মাধৱম্। (১০৬-১১২)