পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটা নামঘোষা যত্ৰ যত্ৰ প্ৰহৰিণ: পাত্ৰ-মিত্ৰাদয়: সুষা। মুৰাৰেৰ্ভগৱাৰি তত্ৰ নো ভয় কাৰণং ১০৪ { ১০৪ ] হৰিৰ গৃহৰ বাবে বেত্ৰৰ প্ৰহাৰ যোগ্য ব্ৰহ্মা ইন্দ্ৰ আদি দেৱজাক। হেনয় দ্বাৰত বেত্ৰ প্ৰহাৰ পাইবাৰ যোগ্য হওঁ আমি কমন বৰাক। হওঁ আমি কমন বৰাক—আমি কিমান ডাঙৰ হওঁনো? [ ঐক্ষেত্ৰৰ মহা প্ৰভুৰ মনিৰত আৰু গাধাৰ আদিৰ বিষ্ণু- মন্দিৰত প্ৰভুৰ পৰিচালকসকলে যাত্ৰীসকলক বেভেৰে কোবায়। বৈকুণ্ঠতো এইদৰে হৰিমন্দিৰৰ সমুখত বেতৰ কোব খাব লাগে বুলি কল্পনা কৰা হয়। ব্ৰহ্মা, ইত্ৰ আদি দেৱতাসকলে হৰিদৰ্শনৰ নিমিত্তে তীৰ্থযাত্ৰীৰূপে বৈকুণ্ঠৰ হৰি-মন্দিৰত উপস্থিত হোত বেতৰ কোব বাবলগীয়া হয়, হৰিনাম-কীৰ্ত্তন কৰি জীৱেও তেনেকৈ বৈকুণ্ঠত উপস্থিত হৈ বেতৰ কোব পাবৰ উপযুক্ত হয়, তেনেহলে আমি হৰিনাম-কীৰ্ত্তন কৰি কিমান শ্ৰেষ্ঠ পদ পাব পাৰে ভাবি চোৱা। নমি অচ্যুত কেশং বিষ্ণুং হৰিং সত্যং জনাৰ্দনং। হংসং নাৰায়ণকৈ বিষ্ণোৰ্ণমাষ্টকং শুভং ১০৫