পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১০৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা নানা ভাবে নানা দেৱতাক পূজা কবি তাৰ মাজেদি ঈশ্বৰক পোৱা পস্থা নিৰ্দেশ কৰিলে—সহজ নাম-ধৰ্ম্ম মুকলিকৈ নুবুজালে; আৰু ইয়াকে কৰি তাত তেওঁলোকৰ বেচি পাণ্ডিত্য প্ৰকাশ হোৱা বুলি গৌৰৱবোধ কৰিলে। কিন্তু শঙ্কৰ-স্বৰূপে অৱতাৰ হোৱা ভগৱানে সেই নাম-ধৰ্ম্ম প্ৰকাশ শাস্ত্ৰ কাৰসকলৰ গৰ্ব চুৰ কৰিলে। প্ৰশংসা [১০৩] বেদৰ বিহিত যত আছে ধৰ্ম্ম সংসাৰত সবে হৰিনামৰ কিঙ্কৰ। হেন জানি যিটো জনে নামৰ কীৰ্ত্তন কৰে সেহিদে পৰম সাধু নৰ 1 মানুহৰ ধৰ্মৰ অৰ্থে সংসাৰ যিবোৰ কৰিবলগীয়া কামৰ কথা বেদত উক্ত আছে, সেইবোৰ হৰি-নামৰ দাসৰ স্বৰূপ অৰ্থাৎ হৰিনাম- কীৰ্ত্তন কৰিলেই ধৰ্মৰ অৰ্থে সকলো কাম কৰা হয়। ইয়াকে নিশ্চয় কৰি যি মানুহে আন সকালাকে এৰি কেবল হৰিনাম-কীৰ্ত্তন কৰে, তেওঁকেহে পৰম সাধুলোক বোলে।