[৯৯]
হে হৰি সাৰ শূন্য মৃগতৃষ্ণাৰ্ণৱ জলে
শ্ৰান্ত হুয়া মহা মোহ পাওঁ।
স্নান পান আচমন কৰোহো ৰমণ তাতে
কতোহো ওপঙ্গো তল যাওঁ॥
মৃগতৃষ্ণা—মৰীচিকা, মৰুভুমি আদিত জলভ্ৰম।
মৃগতৃষ্ণাৰ্ণৱ—মৰীচিকাৰ সাৰ।
ৰ'দত মৰুভূমিৰ ওপৰৰ বায়ুমণ্ডলত দূৰৰ ছাঁয়া পৰি
বিল বা সাগৰ থকা যেন দেখায়, প্ৰকৃততে কিন্তু তাত
কোনো জলাশয় নাথাকে।
হে হৰি, অসাৰ মৰীচিকাৰ জল ভ্ৰমত পৰি মৃগ আদি জন্তুবোৰে সেই জলত স্নান কৰা, খোৱা, মুখ-হাত ধোৱা, ডুব দিয়া, সাঁতোৰা আদি মিছা আশা কৰি দৌৰি ভাগৰি কষ্ট পোৱাৰদৰে, মই মিছা মায়াত পৰি তাৰে আচল বুলি ধৰিছোঁ; আৰু তাৰ ফলত সংসাৰ- মায়া এৰাব নোৱাৰি মিছা আমোদ-প্ৰমোদ কৰি নানা যাতনা ভোগ কৰোঁ। [ কথা ঘোষা মতে এই পদত ভগৱন্তৰ মায়া কি তাক চাওঁ বুলি মাৰ্কণ্ডেয ঋষিয়ে যি প্ৰলয় সমুদ্ৰত হাবুডুবু খালে তাক সূচাইছে।]
[ ১০০ ]
পৰম অমুল্য ৰত্ন হৰিৰ নামৰ পেড়া
আতি গুপ্ত স্বৰূপে আছিলা।