পৃষ্ঠা:সখি ঔ সখি.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

সখি ঔ সখি





শিশু সাহিত্যিক ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শ্ৰীমতী নীলিমা বৰাৰ প্ৰকাশিত তিনিকুৰিতকৈও অধিক গ্ৰন্থৰ দুকুৰি পাঁচখন শিশু গ্ৰন্থ। শিশুৰ মানসিকতাৰ ওপৰত গুৰুত্ব দি ৰচনা কৰা তেওঁৰ প্ৰতিখন শিশু গ্ৰন্থই উচ্চ মানদণ্ডৰ। শিশুৰ মনোগ্ৰাহীকৈ সৰস আৰু অনুপম লেখনিৰে শিশুপুথি ৰচনা কৰাত নীলিমা বৰাক সিদ্ধহস্ত বুলিব পাৰি৷ শিশুৰ মনৰ বিস্ময় আৰু মনোৰম জগতখনত প্ৰৱেশ কৰা অতি কঠিন তাতোকৈ কঠিন শিশুৰ মনঃস্বত্ব অধ্যয়ন কৰি মানসিকভাৱে নিজকে শিশু শাৰীলৈ নমাই নি তেওঁলোকৰ ভাব আৰু ভাষাৰে সাহিত্য সৃষ্টিকৰণতো। ইতিমধ্যে অসম সাহিত্য সভাৰ পৰা শিশু সাহিত্যিক হিচাপে সন্মান প্ৰাপ্ত হোৱা শ্ৰীমতী বৰাৰ তেৰখন শিশুগ্ৰন্থ ৰাজ্যিক ভিত্তিত পুৰুস্কৃত

বাংলা সাহিত্য গোষ্ঠী ‘পইঠা’ই তেওঁক শিশু সাহিত্যৰ কৰ্মৰ বাবে ‘দিলীপ কুমাৰ চন্দ’ বঁটাৰে সন্মানিত কৰিছে। তেওঁলৈ শুভকামনা আৰু দীৰ্ঘায়ু কামনা কৰিছো।

—মীৰা ঠাকুৰ