পৃষ্ঠা:সখি ঔ সখি.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চৰাইৰ কথা

বৰ টোকোলাৰ ডিঙি দীঘল
 লাহে লাহে যায়

কুলি চৰাই চিল্‌চিলিয়া
 সুৱদী গীত গায়।

 

চিলনীয়ে পাখি মেলি
 ডিঙি মেলি চায়
চেলেকনা খলিহনা
 কিজানিবা পায়।

(১৪)