পৃষ্ঠা:সখি ঔ সখি.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গাৰ চাদৰেৰে মূৰটোও দেখো
 আছে এফাল ঢকা;
ওলোমা ওঁঠ  তাতে মিঠা হাঁহি
 বৰ মৰম লগা।
মামাক সুধিলে  কোৱাছোন মামা
 এই গৰাকী কোন
মামাই বোলে,  মাৰৰ আইতা
 তাকো নেজানছোন।
 মনটিয়ে দেখিছে  ধে’ৰ আইতা
 খেলি মেলি লাগি গ'ল,
 আজিকালিৰ  আইতাবোৰ দেখোন
 তেনেই বেলেগ হ’ল।

⸻০⸻

( ৮ )