পৃষ্ঠা:সখি ঔ সখি.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আইতাবোৰ বেলেগ হ’ল

মনটি গ’ল  মামাকৰ ঘৰলে
 মাকৰ লগত এদিন,
মামাৰ ঘৰ  বৰ দূৰণিত
 থাকিল কেইটামান দিন।
হঠাতে মনটিৰ  চকুত পৰিল
 বেৰত ওলোমাই থোৱা,
বৰ মস্ত  বন্ধাই থোৱা
 ফটো এখন ক’লা বগা।


দাঁত নাই  চুলি পকা
 গালত আঁক বাক,
ফটো চাই  মনটি ভাই
 হ’ল বৰ অবাক।

(৭)