সমললৈ যাওক

পৃষ্ঠা:সকলো ৰঙৰ সিপাৰে.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সুৰত পমি যোৱা ৰাজহাঁহজনী হংস গীত! প্ৰাণ যমুনাৰ পাৰে পাৰে ৰিণিকি ৰিণিকি জীৱন নে মৃত্যু সংগীত!' পদুমনি বিলৰ পদুমবুলীয়া ৰাজহাঁহজনীয়ে ওৰেটো জীৱন সাঁচিলে কি পানীৰ সাঁচ গাত নেলাগে-এনে সাৱধানী তাই। সময়ৰ সাঁচ ? শংখৰ দৰে কলকণ্ঠৰে তাই গালে কি ? নদীৰ সোঁতত নিজকে এৰি দি কি গীত তাই গাই গাই গ'ল ! জীৱনক কেনে নিয়াৰিকৈ সজালে গীতৰ সোঁতত উটি উটি গুচি যাব পাৰি অনন্তৰ বুকুলৈ ! সুৰত পমি যোৱা ৰাজহাঁহজনী- তাই উদ্‌্যাপন কৰি গ'ল মৃত্যু-মহোৎসৱ । হংস গীত-নৈ-দুপাৰত তাৰ সুৰৰ কঁপনি .... দূৰ-সুদূৰলৈ ! ।। সকলো ৰঙৰ সিপাৰে । ৮০