সমললৈ যাওক

পৃষ্ঠা:সকলো ৰঙৰ সিপাৰে.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মূৰ অথবা কুশীলৱ হাতেৰে থপৰিয়াই সি চাধা মাৰি খায় পিকেৰে বালি আঁকে সপোন,ঘৃণা আৰু প্ৰতিবাদহীনতা নক্সা- আদ পুৰণি গমোছাৰে সি মূব ঢাকি উঠে,বহে; সি এটা মূৰ । , সি হিন্দু, মুছলমান,শিখ, খ্ৰীষ্টান- সকলো সি কংগ্ৰেছ, বিজেপি, এজিপি -সকলো সৰু নেতা, সৰু সভা-চিংগল হাজিৰা ডাঙৰ নেতা, ডাঙৰ সভা- ডবল হাজিৰা সি এটা মূৰ তাৰ প্ৰচণ্ড শক্তি আছে গণনাৰ গণতন্ত্ৰত । সি শ্লোগান দিয়ে, হাত চাপৰি বজায়- এয়া তাৰ অভিনয় নেতাই ভাষণ দিয়ে, আঙুলি টোৱায়, তৰোৱাল দাঙে- দাম সকলোৰে আছে । এয়া নেতাৰ অভিনয়। সি হাঁহে-এয়া তাৰ অভিনয়- সি বাৰুকৈয়ে জানে ৷ নেতাই বাৰু জানেনে নেজানে ? সি হাঁহে-ভাল ঠগিলোঁ নেতাই হাঁহে- ভাল ঠগিলোঁ। মোৰ ভাৰত মহান ।। সকলো ৰঙৰ সিপাৰে৷৷৭৯