এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
সকলো ৰঙৰ সিপাৰে ৰংবোৰ বৰ বিশ্বাসঘাটক। পোহৰৰ দৰে । ৰংবোৰে পাতি দিয়া প্ৰতিটো সম্বন্ধই মোক নেদেখা সূতাৰ বান্ধে সিহঁতৰ আজলমথ ধেমালিত মই মোক হেৰুৱাওঁ। মন্ত্ৰ আৰু দীক্ষা গুৰু আৰু বীক্ষা ভাষণ আৰু হাত চাপৰি পাৰ্কৰ প্রেমালাপ অধ্যাপকৰ বুজনি বজাৰৰ মকৰাজাল আটাইবোৰ ৰঙে মোক বিবৰ্ণ কৰে মই তুলিকা হ'ব নোখোজোঁ মই পট হ'ব নোখোজোঁ । মই বিচৰণ কৰিব খোজোঁ বগা, ৰঙা, হালধীয়া আটাইবোৰ ৰঙত মই উৰি যাব খোজোঁ সকলো ৰঙৰ সিপাৰলৈ মই মোৰ গাত সানিব খোজোঁ সকলো ৰঙৰ সিপাৰৰ ৰং ।। সকলো ৰঙৰ সিপাৰে।। ৭৪