সমললৈ যাওক

পৃষ্ঠা:সকলো ৰঙৰ সিপাৰে.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শূন্যতা শব্দময় উত্তাল পৃথিৱী ! ৰ'দ হওক, বৰষুণ হওক মাথোন শব্দৰ বাৰিষা একেটা বিন্দুতে ৰৈ থকা কঠিন কাম শব্দময় পৃথিৱীত এটা স্থিৰ শিল উত্তাল সাগৰত এটা শংখ তাৰ বাসনাতে মোৰ জীৱনৰ অৰ্থ-অনৰ্থ । শীলভদ্ৰ কালি আহিছিল । আজি নাহে । আহিলেও তেওঁ নাথাকে । কাইলৈ যে আহিব তাৰো ঠিকনা নাই- কোনোবা এজন আহিবই শূন্য হৈ একো নাথাকে শূন্যতালৈ সকলোৰে ভয়- পৰুৱাৰ বাবে ৰবাব টেঙাটো অথবা ৰবাব টেঙাটোৰ বাবে পৰুৱাটো । ।। সকলো ৰঙৰ সিপাৰে ।। ৭৩