সমললৈ যাওক

পৃষ্ঠা:সকলো ৰঙৰ সিপাৰে.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মই কবিতা লিখিবলৈ এৰিলোঁ ছিটি বাছত ইমান ভিৰ, ঠেলা-হেঁচা ষ্টপেজতো ৰ'বলৈ ঠাই নাই । এখন বাছ আহিল । কন্‌ডাক্টৰে কলম জোকাৰি কৈ গ'ল- ছীট নাই, ছীট নাই। আন এখন বাছ আহিল। কনডাক্টৰে হাত জোকাৰি ক'লে- সোমাই যাওক, সোমাই যাওক আপুনি ক্ষীণাওক, আপুনি এঢলীয়া হওক আপুনি এচঁহীয়া হওক, বেঁকা হওক পোন হওক, লিপিট খাই ধৰক.... ইমান গেজেপ মৰা ভিৰত নাযাওঁ বুলিয়েই মই কবিতা লিখা কাম এৰিলোঁ । ।। সকলো ৰঙৰ সিপাৰে ।। ৭০