এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
সময় এমুঠি বালি মোক ঈশ্বৰে দিলে । আয়ে ক’লে-ভালকৈ যতনাই ৰাখিবি । দেউতাই ক'লে-এটা পুলি গজাবি এমুঠি বালি- অহাজনক আদৰোঁতে এখিনি সৰকিল যোৱাজনক বিদায় দিওঁতে এখিনি সৰকিল । হাঁহোতে আঙুলিৰে এখিনি সৰকিল বাকীখিনি চকুৰ পানীয়ে উটুৱাই নিলে । ।। সকলো ৰঙৰ সিপাৰে৷৷ ৬৭