সমললৈ যাওক

পৃষ্ঠা:সকলো ৰঙৰ সিপাৰে.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হাড়-সাৰ সকলো প্ৰেম স্থগিত ৰখা হ'ল এপাহ গোলাপেই ফুলনিখন হ'ল সকলো মৌনতাক ছিৰাছিৰ কৰা হ'ল- চিৰিলি চিৰিলি তামোল জোপাৰ তলত ৰৈ আছে তিনিটা ঢেকীয়াপতীয়া -তাৰ মাতত চিন নে চিৰিলি গছত চিন! সিহঁতে মোৰ কলিজাটো খালে খেলিমেলি হৈ পৰি আছে হাত,ভৰি, হাওফাও, যকৃৎ মোৰ হাড়কেইডাল জব্‌জকাই উঠিল- হাড়বোৰ জী উঠক। হাড়বোৰেই সাৰ হাড়েহে ধৰি ৰাখে থুলন্তৰ মাংস হাড়বোৰ জী উঠক ! ভগৱানে ক'লে- মহীয়সীৰ ইচ্ছামতে হ'ব। সৌন্দৰ্যৰে তেওঁ সতীত্বৰ পূজা কৰিছিল যাতে প্রার্থনা-গৃহ জাকতজিলিকা হৈ উঠে, আৰু সুধিছিল- হাড়বোৰ জী উঠা উচিতনে য'ত বিৰিঙি থাকে নাঙঠ সত্য ? ।। সকলো ৰঙৰ সিপাৰে ।। ৬৫