এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
আমতলৰ দুপৰীয়া নিমাত-নিজান ঝিঁ ঝিঁকৈ কিবা এটা বাজি থাকে দূৰণিত এটা দামুৰিৰ হেম্বেলনি আমৰ পাতত বতাহৰ শব্দ থূপ খায়হি— এটা নাইপিয়া খৰ্মৰাই পাৰ হৈ যায় পৰুৱাবোৰে আমৰ গা বগাই বাহলৈ উঠে বতাহে ৰ'দৰ পৰা লৈ আহে গোন্ধ বাৰীৰ ঢাপত কচু থোৰ ফুলে— ৰঙা হালধীয়া পথাৰৰ পানীত পৰেগৈ এটা বেং— জপং দুপৰীয়া আজি আম পাতৰ মৰল আমে মলিওৱাৰ আগেয়ে সজাই থোৱা হৈছিল এই ক্ষণ – আমি কলপাতত ভগাই লৈছোঁ । এটা নতুন সোৱাদ, এটা নতুন গোন্ধ । ।। সকলো ৰঙৰ সিপাৰে ৷৷ ৬৪