এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কবিতা
মোৰ হাতৰ তলুৱাত অঁকা আছে দুটা শংখ
কোন খিনিত দেখুওৱা—
এইবুলি মেলি দিলা দুহাত৷
জ্যোতিষ নজনা মোৰ চকুঃ
তোমাৰ হাতৰ তলুৱা সঁচাই সমুদ্ৰৰ তীৰ
তাত দেখোঁ তটিনীৰ অশেষ ধেমালি
নদীৰ মোহনা সৌৱা — সৌৱা যে সুখৰ মাজুলী
তোমাৰ হাতৰ তলুৱাত এজাৰ বননি, সৌৱা ফাগুনৰ
কোমল দুষ্টালি আৰু শিমলু-ৰঙীন আকাশ
তোমাৰ আকাশত গঙ্গাচিলনী ৰিণি ৰিণি শুনি৷
জ্যোতিষ নজনা মোৰ চকুঃ
তোমাৰ হাতৰ তলুৱাততো নেদেখোঁ দুটা শংখ
চাওঁ চাওঁ ভালকৈ,- আস্ ফাগুনৰ কোমল দুষ্টালি
এয়া-এয়া সৰোবৰ উপচাই
পদুম, পদুম, পদুম-বননি৷
।।সকলো ৰঙৰ সিপাৰে।।৫৯